07/05/2026
যদিও আমাৰ হোমষ্টে’টো সৰু, প্ৰায়েই দূৰৰ কাষ্টমাৰ থাকে। বুকিং ডট কম, এআৰ বি এন বি এইবোৰে হোটেল, হোমষ্টে’ বুক কৰা এতিয়া একেবাৰে সহজ কৰি তুলিছে।
পৰহি বুকিং চাই থাকোঁতে নাম এটা দেখি গম পালোঁ বিদেশী পৰ্যটক। দুজন আহিব। দেশ Lithuania। ওচৰতে মাইনা থাকিলে এলাহ ভাবটোয়ে মোক হেচা মাৰি ধৰে। সিহঁতৰ আক' মবাইলটো হাতত থাকেই নহয়। তাকে সুধি নিচিন্ত হৈ ল’লোঁ যে ইউৰোপৰ এখন দেশ লিথুৱানা।ইমানদিনৰ অভিজ্ঞতাৰ পৰা গম পাইছোঁ যে বুকিং কৰিলেও প্ৰায় মানুহে ফোনতকে মেছেজ , মেইল, হোৱাটচএপত কথা পাতিবলে ভাল পায়। ইতিমধ্যে মই দুবাৰ কল কৰিছিলোঁ যদিও ফোন নুঠালে তেওঁলোকে। পিছত কল বেক কৰি ক’লে যে তেওঁলোক পিছদিনা ৰাতি দহটাত পাবহি। মোক মেচেজতে তেওঁলোকে নিমাতিঘাটলৈ যোৱা গাড়ী আছে নেকি সুধিলে। মইও ফেৰীৰ টাইম সুধি তেওঁলোকৰ কাৰণে মাজুলীলে যোৱাৰ সকলো বন্দোবস্ত কৰিলোঁ।
কালি একেবাৰে দহ বজাতেই আহি ওলালহি তেওঁলোক। ৰাতি কৰ্মচাৰী যায়গৈ কাৰণে মই নিজেই ওলাই গ’লোঁ। অটো ড্ৰাইভাৰজনে বয় বস্তুবোৰ নমাই আছে আৰু তিনিশ টকা বিচাৰিছে। মোৰ ধাৰণা মতে তিনিশ টকাটো কোনোফালৰ পৰা আহিলেও নিমিলে। সেয়ে সুধিলোঁ ক’ৰ পৰা আনিছা। অটোৱালাই ক’লে — “আপোনালোকৰ হোমষ্টে’ বিচাৰি গোটেইখন ঘূৰি ফুৰিছোঁ।” কিছুমান কথা বুজিবলৈ ভাষা নালাগে। গেষ্টজনে তেতিয়াহে তেওঁক ধৰিলে যে এক কিলোমিটাৰহে আহিছোঁ আমি, তাকো
মেপ চাই আহিছো ISVT পৰা চিধা ইয়ালে। গুগুল মেপ হোৱাৰ পৰা কোনেও ৰাস্তা ভুল নকৰে সাধাৰণতে ।
অটোৱালাক মই ক’লোঁ — “ৰেপিড ত আমাৰ ঘৰলৈ সত্তৰ টকা লয়, অতি বেছি এশ টকা ল’ব লাগে। কিয় ইমান বেছিকে লৈছা?”
অটোৱালাই মোক কৈছে — “আমাৰ মাজত আপুনি কিয় সোমাইছে, মই তিনিশ ল’মেই।”
মই ক’লোঁ — “আমাৰ ঘৰৰ চাৰিসীমাত সোমালা যেতিয়া মোৰ মতেেই ল’ব লাগিব, এইকেইজন এতিয়া মোৰ অতিথি। তোমালোকে বিদেশী দেখিলেই কেলেই বেছিকে ল’বলে চোৱা?
যোৱা বিগত বছৰকেইটাত বহুত বাঢ়িছে যোৰহাটলে অহা মানুহ। আমাৰ সহজ-সৰল ব্যৱহাৰ, ভদ্ৰতা বিশ্বাসৰ বাবেই যোৰহাটখন কিন্তু সকলোৰে আকৰ্ষণৰ স্থান হ’ব পাৰে। গোটেইখন ভ্ৰমি যেতিয়া মানুহে এটুকুৰা মৰম-বিশ্বাসৰ ঠাই পায়, তাকেেই আদৰি লয়। ঘূৰি গৈ বহুতেই কয় যে ইয়াৰ মানুহবিলাক খুব ভাল।'
অটোৱালাৰ কাণত একো নোসোমাল। খংতে মোক কৈ গ’ল — “বাইদেউ, আমি হোমষ্টেবোৰলৈ সেইকাৰণে ভাড়া নানোঁ, আৰু বিশেষকৈ আপোনাৰটোলে আৰু নানোঁ ”