New Boys' Hostel

Directions Website

New Boys' Hostel DARKNESS TO LIGHT Official page of New Boys' Hostel, North Lakhimpur College (Autonomous)

 #আমাৰ_বাবে_এক_গৌৰৱৰ_মুহূৰ্তআমাৰ প্ৰাক্তন আবাসী তথা উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড...
20/08/2026

#আমাৰ_বাবে_এক_গৌৰৱৰ_মুহূৰ্ত

আমাৰ প্ৰাক্তন আবাসী তথা উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° মনোৰঞ্জন দত্ত মহোদয় ভাৰতীয় পদাৰ্থ বিজ্ঞান সমাজৰ (Indian Physical Society) সন্মানীয় Young Physicist Award 2026-ৰ বাবে সমগ্ৰ ভাৰতৰ পৰা বাছনি হোৱা মাত্ৰ ১৬ গৰাকী যুৱ পদাৰ্থবিজ্ঞানীৰ তালিকাত স্থান লাভ কৰিছে।দেশৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ পৰা অহা মেধাৱী ১৬ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ছাৰৰ নাম shortlist হোৱাটো আমাৰ বাবে সঁচাকৈয়ে অত্যন্ত গৌৰৱৰ কথা।

তেখেতে অহা ১০–১১ ছেপ্টেম্বৰ ২০২৬ তাৰিখে কলকাতাৰ UGC-DAE Consortium for Scientific Research-ত অনুষ্ঠিত হ’বলগীয়া ৪১ সংখ্যক Young Physicists’ Colloquium (YPC-2026)-ত নিজৰ গৱেষণা উপস্থাপন কৰিব। এই উপস্থাপনৰ পিছত বাছনি হোৱা তিনিগৰাকী যুৱ পদাৰ্থবিজ্ঞানীক YPC-2026 Award-ৰে সন্মানিত কৰা হ’ব।

ছাৰ, আপোনাৰ এই কৃতিত্বত আমি গৌৰৱান্বিত। NBH-ৰ প্ৰাক্তন Boarder হিচাপে আপোনাৰ এই সফলতা আমাৰ বাবে অনুপ্ৰেৰণাৰ এক উজ্জ্বল উদাহৰণ।

আগন্তুক সন্মানৰ বাবে আন্তৰিক শুভকামনা জনালোঁ। আশা কৰোঁ, এইবাৰ এই প্ৰতিষ্ঠিত বঁটাটোও আপোনাৰ হাতলৈ আহিব।

Congratulations Manoranjan Dutta Sir!
We are truly proud of you. ❤️
Once an NBH Border, always a matter of pride for NBH.

"মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ দেশ।মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচেশইচ-সোণোৱালী ভৱিষ্যত...
15/08/2026

"মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ দেশ।
মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে
শইচ-সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আঁহে আঁহে,

মোৰ যৌৱনৰ কোঁহে কোঁহে সেই সপোনৰ কলৰোল।"

আজিৰ মহান স্বাধীনতা দিৱসৰ পৱিত্ৰ প্ৰভাতত নর্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ নৱ ছাত্ৰাবাসত বিশ্ববিদ্যালয়ৰ শ্ৰদ্ধাৰ শিক্ষকবৃন্দ আৰু সকলো আৱাসিৰ উপস্থিতিত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। ঐক্য, ভ্রাতৃত্ব আৰু স্বদেশপ্ৰেমৰ এই পবিত্ৰ মুহূৰ্তত সকলো ভাৰতীয়ক ৮০ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ।

আজি নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ নৱছাত্ৰাবাসৰ ছাত্ৰসকলে আমাৰ প্ৰাক্তন আৱাসী তথা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° অৰবিন্দ ...
15/08/2026

আজি নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ নৱছাত্ৰাবাসৰ ছাত্ৰসকলে আমাৰ প্ৰাক্তন আৱাসী তথা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° অৰবিন্দ ৰাজখোৱা ছাৰক তেখেতৰ নতুন দায়িত্বৰ বাবে অভিনন্দন আৰু শুভেচ্ছা জনাবলৈ বিশ্ববিদ্যালয়স্থিত তেখেতৰ বাসগৃহত উপস্থিত হ’লোঁ। তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত Comparative Literature-ৰ Professor হিচাপে নিৰ্বাচিত হৈছে।

১৯৯৭ চনত ছাত্ৰ হিচাপে এই প্ৰতিষ্ঠানত প্ৰৱেশ কৰা ছাৰে ২০০৫ চনত সহকাৰী অধ্যাপক হিচাপে এক নতুন পৰিচয়েৰে উভতি আহিছিল। ২০২৬লৈকে প্ৰায় দুটা দশক ধৰি ছাত্ৰৰ পৰা শিক্ষকলৈ তেখেতৰ এই যাত্ৰা নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ইতিহাসৰ সৈতে ওতপ্ৰোতভাৱে জড়িত।

আজি প্ৰায় দুঘণ্টীয়া আন্তৰিক আলাপত ছাৰে New Boys’ Hostel-ৰ নিজৰ দিনবোৰৰ স্মৃতিৰ লগতে বসন্ত দাস দেৱৰ পৰা যোগানন্দ বৰগোহাঁইদেৱলৈ নৰ্থ লখিমপুৰ কলেজৰ প্ৰতিষ্ঠা আৰু এই ঐতিহাসিক ভূমিৰ সৈতে জড়িত বহুজনৰ অৱদানৰ কথা সোঁৱৰাই দিলে।

আপুনি এদিন এই হোষ্টেলৰ আৱাসী আছিল আৰু আজি আপুনি আমাৰ বাবে সেই একেই পৰিয়ালৰ এজন জ্যেষ্ঠ অভিভাৱকৰ দৰে। আপোনাৰ হাতখন সদায় আমাৰ মূৰৰ ওপৰত থাকক- এইয়াই আমাৰ বিশ্বাস।

আপোনাৰ নতুন দায়িত্বৰ বাবে আন্তৰিক অভিনন্দন আৰু অশেষ শুভেচ্ছা। আপোনাৰ জ্ঞান, অভিজ্ঞতা আৰু স্নেহে আগন্তুক প্ৰজন্মকো এনেদৰেই আলোকিত কৰি যাওক।

শুভেচ্ছাৰে
নৱ ছাত্ৰাবাস
নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সতীৰ্থ তথা আমাৰ নৱ ছাত্ৰাবাসৰ মেধাৱী আৱাসী মুকুল চন্দ্ৰ পেগু লৈ IIT-J...
06/06/2026

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সতীৰ্থ তথা আমাৰ নৱ ছাত্ৰাবাসৰ মেধাৱী আৱাসী মুকুল চন্দ্ৰ পেগু লৈ IIT-JAM পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ IIT Dhanbad ত স্থান সুৰক্ষিত কৰা বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আমাৰ নৱ ছাত্ৰাবাস (NBH) পৰিয়ালৰ প্ৰতিজন সদস্য আজি তোমাৰ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাফল্যত অত্যন্ত আনন্দিত আৰু গৌৰৱান্বিত। তোমাৰ অনাগত ভৱিষ্যত আৰু সপোনবোৰ সফল হওক, তাৰে শুভকামনা থাকিল ।

১৪/১২/২০২৫     নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ (বৰ্তমানৰ বিশ্ববিদ্যালয়) নৱ ছাত্ৰাবাসৰ (NBH) স্মৃতি যুগমীয়া। সময়ৰ সোঁতত কলে...
15/12/2025

১৪/১২/২০২৫

নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ (বৰ্তমানৰ বিশ্ববিদ্যালয়) নৱ ছাত্ৰাবাসৰ (NBH) স্মৃতি যুগমীয়া। সময়ৰ সোঁতত কলেজীয়া জীৱনৰ অৱসান ঘটিলেও, ছাত্ৰাবাসৰ প্ৰতিটো কোণৰ স্মৃতি আজিও অম্লান। দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত আজি এই পবিত্ৰ চৌহদত পুৰণি আৱাসীসকলৰ পুনৰ মিলন হয়।

বৰ্তমান এওঁলোকৰ প্ৰতিজন সদস্যই নিজৰ কৰ্মক্ষেত্ৰত সুপ্ৰতিষ্ঠিত আৰু সফল। কোনোবা জন যদি কোনো এটা সংবাদ মাধ্যমৰ কাৰ্যবাহী সম্পাদক কোনোবাজন আকৌ আৰক্ষী বিষয়া (OC); কোনোবা জন যদি বিমানবন্দৰৰ নিৰাপত্তা বিষয়া কোনোবাজন আকৌ সহকাৰী আৰু কোনোবাজন মুৰব্বী অধ্যাপক , মৃত্তিকা সঞ্চালক বিষয়া (Soil Conservation Director) আৰু কত যে কি!

পুৰণি দিনৰ অতীত ৰোমন্থন কৰিবৰ বাবে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ পঞ্জীয়ক মহোদয় তথা নৱ ছাত্ৰাবাসৰ প্ৰাক্তন অধীক্ষক ড° বিমান চন্দ্ৰ চেতিয়া মহোদয়কে প্ৰমুখ্য কৰি বৰ্তমানৰ অধীক্ষক ড° বিনোদ চেতিয়া মহোদয়ো উপস্থিত থাকে।

আপোনালোকৰ এই সফলতা নৱ ছাত্ৰাবাসৰ মূল্যবোধ, শিক্ষণ আৰু পাৰস্পৰিক প্ৰেৰণাৰো ফলশ্ৰুতি। আপোনালোকৰ সফলতাৰ এই গাঁথা আজিও হোষ্টেলৰ প্ৰতিজন আৱাসীৰ বাবে এক গৌৰৱ আৰু অনুপ্ৰেৰণাৰ উৎস। আপোনালোকৰ এই মিলন চিৰদিনলৈ এনেদৰেই অটুট থাকক । আমাৰ মৰম আৰু শুভকামনা চিৰকাল আপোনালোকৰ লগত থাকিব।

জয়তু নৱ ছাত্রাবাস (NBH)
জয়তু নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়
North Lakhimpur University
New Boys' Hostel

জুবিন গাৰ্গৰ জন্মদিনত বিশেষ কাৰ্যসূচী।
16/11/2025

জুবিন গাৰ্গৰ জন্মদিনত বিশেষ কাৰ্যসূচী।

সতীৰ্থ ৰাতুল বেজবৰুৱাৰ দেউতাকৰ আদ্যশ্ৰাদ্ধত নৱ ছাত্ৰাৱাসৰ প্ৰাক্তন আৱাসী গোট NBHonline ৰ হৈ প্ৰয়াত প্ৰদীপ বেজবৰুৱাদেৱলৈ...
28/10/2025

সতীৰ্থ ৰাতুল বেজবৰুৱাৰ দেউতাকৰ আদ্যশ্ৰাদ্ধত নৱ ছাত্ৰাৱাসৰ প্ৰাক্তন আৱাসী গোট NBHonline ৰ হৈ প্ৰয়াত প্ৰদীপ বেজবৰুৱাদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।🙏

অভিনন্দন
28/09/2025

অভিনন্দন

সকলোলৈ আন্তৰিক অভিনন্দন
03/05/2025

সকলোলৈ আন্তৰিক অভিনন্দন

https://chat.whatsapp.com/LwUUjLr0Kib2JVNqkK3WHFনমস্কাৰ, সৰ্বপ্ৰথমে সকলোকে ঐতিহ্যমণ্ডিত নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অন্...
30/04/2025

https://chat.whatsapp.com/LwUUjLr0Kib2JVNqkK3WHF
নমস্কাৰ,
সৰ্বপ্ৰথমে সকলোকে ঐতিহ্যমণ্ডিত নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অন্যতম ছাত্ৰাবাস‌ নৱ ছাত্ৰবাসৰ তৰফৰ পৰা স্বাগত সম্বাষণ জনাইছোঁ। নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ২০২৫-২৬ বৰ্ষৰ নামভৰ্তি সম্পৰ্কীয় যিকোনো তথ্য এই গ্রুপৰ জৰিয়তে আপোনালোকে জানিব পাৰিব । বিশ্ববিদ্যালয়ৰ নামভৰ্তি সম্পৰ্কীয় যিকোনো তথ্যৰ বাবে সংকোচবোধ নকৰাকৈ আমাৰ সৈতে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰিব। আমি নৱাগতসকলৰ প্ৰয়োজনীয় সহায়ৰ বাবে প্ৰস্তুত।

শুভ কামনাৰে,
নৱ ছাত্ৰাবাস
নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয় ।

Address

North Lakhimpur College, Khelmati
North Lakhimpur
787031

Alerts

Be the first to know and let us send you an email when New Boys' Hostel posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category